Science In Everyday Life || দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ.


 দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ


     আৰম্ভণিঃ-
     একবিংশ শতাব্দীত বি়জ্ঞানে উন্নতিৰ জখলাত এনেভাৱে আহোৰন কৰি গৈ আছে যে মাহনুহে মাধ্যাকৰ্ষণৰ সীমা অতিক্ৰম কৰি মহাকৰ্ষণৰ  বুকুত  গ্ৰহ নক্ষত্ৰ বিচাৰি উলিওৱা বলৈ প্ৰয়াস কৰিছেমহাকাশত সাঁতুৰি-নাদুৰি মানুহৰ মণীষাক মানুহেই দেৱত্য প্ৰদান কৰিবলৈ সক্ষম হৈছে। আনকি মানুহেই টেষ্ট টিউবৰ বুকুতো প্ৰাণৰ স্পন্দন সক্ষম কৰি, জিন সৃষ্টি কৰি স্ৰষ্টাকো প্ৰত্যাহ্বান জনাব খুজিছে।  বিজ্ঞানৰ  লগত মানুহে ওতপ্ৰোতভাবে জড়িত হৈ পৰিছে । দৈনন্দিন জীৱনত বিজ্ঞান বিভিন্ন ধৰনৰ প্ৰভাৱ পেলাইছে ।বিজ্ঞান আৰু মানুহক একাকাৰ কৰি পেলাইছে তাৰ বিৱৰন দিয়াটো কষ্ট-সাধ্য হৈ পৰিছে । বৰ্তমান সময়ত বিজ্ঞানেই মানুহৰ প্ৰধান অৱলম্বন হৈ পৰিছে ।


      মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীলঃ-

     কৃত্ৰিম উপগ্ৰহ সৃষ্টি কৰি মহাকৰ্ষনণৰ বুকুত এৰি দি গ্ৰহ-নক্ষত্ৰৰ দৰেই বিশ্বব্ৰহ্মাণ্ডত বিচাৰণ কৰাইছে । বায়ুত কৈ অধিক বেগী মহাকাশযান আৰু সাধাৰণ বন্দুক সৃষ্টি কৰিছে ।বৰশীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰনৰ ইঞ্জিন আৰু পৃথিৱীৰ ধ্বংস কৰিব পৰা এটম বোমা আদি অসাধ্য বস্তুও সৃষ্টি কৰিছে । বৰ্তমান সময়ত প্ৰকৃততে মানুহ বিজ্ঞানৰ ওচৰত পুতুলাত পৰিণত হৈছে ।

       বিজ্ঞানৰ অৱদানঃ-

      আজিৰ সময়ত মানুহক বিজ্ঞানে পৰিচালনা কৰি আছে । মানুহৰ জীৱনত কাৰ্য প্ৰনালীটো হৈছে  বিজ্ঞানৰ অৱদানগাঁৱলীয়া সমাজতকৈ নগৰ-চহৰ সমাজ খন বিজ্ঞানৰ ওপৰত অলপ বেছি্ নিৰ্ভৰশীল হৈছে। এজন মানুহ ৰাতিপুৱা টোপনি পাটীৰ পৰা উঠিয়েই টুথপেষ্ট ব্ৰাছডালৰ মূৰত লগাই লৈছে, টুথপেষ্ট, ব্ৰাছডাল বিজ্ঞানৰ অৱদান । অৰ্থা চকু দুখন মেলি যি বস্তু হাত দিছোঁ, সেইটোৱে বিজ্ঞানে যোগান দিছে বিশুদ্ধু পানী যোগান ধৰা,চাহ,ৰুটি বনোৱা যন্ত্ৰ, চাহ পাত আদি সৰু-সুৰা বস্তুও তৈয়াৰ কৰিছে ।ইয়াৰউপৰি ৰাতিপুৱা বাতৰি কাকত হাতত আহি পৰে আৰু ঘৰত বহিয়ে সকলো ঠাইৰ খবৰ লব পাৰি । ৰেডিঅ আৰু টেলিভিশ্বনৰ যোগেদি ঘৰত বহিয়ে বিভিন্ন খবৰ, ডাৱৰৰ বাতৰি আদি পাৱ পাৰি ।

আনহাতে, গৃহিণীয়ে ৰন্ধা-বঢ়া কৰা খাদ্য খোৱাৰ উপৰি সহজে কলেজ, অফিচ, আদি ভিবিন্ন ঠাইত খাদ্য বস্তু লৈ যাবলৈ বিজ্ঞনে সুবিধা কৰি দিছে । খাদ্য বস্তু কেঁচা সামগ্ৰী আদি ভাল ৰখাৰ বাবে ফ্ৰিজৰ তৈয়াৰ কৰিছে, আৰু  ইলেক্ট্ৰনিক হিটাৰ কুকাৰ, ষ্টোভ আদিৰ সহায়ৰ অতি কম সময়ত , কম পৰিশ্ৰমত ৰন্ধা-বঢ়া কৰিব পাৰোঁ । 
প্ৰয়োজন হোৱা সকলো বস্তুই বিজ্ঞানৰ দ্বাৰা তৈয়াৰী ।বাঁহৰ পৰা কাগজৰ তৈয়াৰ হয় । কাগজ,কলম, চিয়াহী,কাঠপেঞ্চিল, আদি যন্ত্ৰৰ দ্বাৰা তৈয়াৰ কৰি বিজ্ঞানে আমাক বহুত সহায় কৰি দিছে । কিতাপ পুথি কম সময়ত হাজাৰ হাজাৰ কপি  তৈয়াৰ কৰি শিক্ষা-ক্ষেত্ৰৰ  দিশত বহুত আগুৱাই লৈ গৈছে ।

গৰমৰ পৰা পৰিত্ৰান পাবলৈ শীত-তাপ নিয়ন্ত্ৰন যন্ত্ৰ, বিজুলী-পাংখা আদি ব্যৱহাৰ কৰোঁ। ইয়াৰউপৰি মানসিক আনন্দৰ ছিনেমা চোৱা, সময় জুখিবলৈ ঘড়ী, দ্ৰুত যাতায়তৰ বাবে গাড়ী-মটৰ,
বিমান, ৰেলগাড়ী আদি আৰু যোগাযোগৰ সুবিধাৰ বাবে মোবাইলফোন, টেলিফোন, টেলিগ্ৰাফ আদি সকলো বিজ্ঞানৰ অৱদান।

আজিৰ দিনত খেতিয়তকৰ কাম সহজ আৰু কম সময়ত কৰিবলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৱাটাৰ পাম্প আদি আৱিস্কাৰ সকলো বিজ্ঞানৰেই অৱদান। খেতিৰ উপাদন বঢ়াবলৈ ৰাসায়নিক সাৰ বিজ্ঞানেই আৱিস্কাৰ কৰিছে।

বৰ্তমান মানুহে বেমাৰ-আজাৰৰ পৰা সোনকালে ভাল পাবলৈ ব্যৱহাৰ কৰা ঔষধ-পাতি বিজ্ঞানেই আৱিস্কাৰ কৰিছে। চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰা সকলো যন্ত্ৰ-পাতি বিজ্ঞানৰেই অৱদান।

আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সাজপাৰ, খাদ্য সামগ্ৰী, সোৱাদ লগা মছলা আদি, অত্যাধুনিক কৈ ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী, আচবাব-পত্ৰ, বাচন-বৰ্তন সকলো বিজ্ঞানেই আৱিস্কাৰ কৰিছে। সেয়ে আমি সুখ আৰু আৰামেৰে বসবাস কৰি আছোঁ।

গতিকে এটা কথা কব পাৰোঁ, বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনে আমাৰ জীৱন প্ৰণালী অতি সহজসাধ্য আৰু আৰামদায়ক কৰি তুলিছে।

বিজ্ঞানৰ অপকাৰঃ-

বিজ্ঞানে আমাক যিমান উপকাৰ আৰু আৰামদায়ক কৰি তুলিছে, সিমান অপকাৰ আৰু ক্ষতিও কৰিছে। বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনে আমাৰ জীৱন প্ৰণালী একেবাৰে এলেহুৱা কৰি তুলিছে। মানুহৰ শাৰিৰীক শ্ৰম কমিছে ফলত বেমাৰ-আজাৰৰ সংখ্যা বাঢ়ি গৈছে। মানুহৰ অত্যাধুনিক খোৱা-বোৱাৰ কাৰণেও বেমাৰ-আজাৰৰ পৰিমাণো বাঢ়িছে। মানুহ আগবাঢ়ি যোৱাৰ লগে লগে নগৰ-চহৰৰ সংখ্যাও বৃদ্ধি হৈছে, লগে লগে গাড়ী-মটৰৰ সংখ্যাও বৃদ্ধি হৈ আছে আৰু গছ-গছনিৰ সংখ্যাও কমি আহিছে ফলত গোলকীয় উত্তাপ বাঢ়িছে। নগৰ-চহৰ বঢ়াৰ কাৰণে পৃথিৱী আৱৰ্জনাৰে ভৰি পৰিছে। এই আৱৰ্জনাবোৰ নলাৰে গৈ নদীত পৰিছে ফলত পানী প্ৰদূষণ হৈ আছে। নানা ধৰণৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা,বিস্ফোৰণ
আদিৰ ফলত বায়ুমণ্ডলত তেজস্ক্ৰিয়তাৰ সৃষ্টি হৈছে সেয়ে নানা বেমাৰৰ বীজাণুয়ে পৃথিৱী ভৰিপৰি মানুহৰ বেমাৰৰ সৃষ্টি কৰি আছে।

সামৰণিঃ-


  গতিকে আমি কব পাঁৰো, আমাৰ যিমান উপকাৰী সিমান অপকাৰীও। সেয়ে আমি বিজ্ঞান অৱদান আৰু আৱিস্কাৰ প্ৰয়োজনতকৈ অধিক গ্ৰহণ কৰা উচিত নহয়। 


********************

Post a Comment

0 Comments