News Paper Essay in Assamese|| বাতৰি কাকত অসমীয়া ৰচনা ।।


      বাতৰি কাকত
আৰম্ভণিঃ-

   বাতৰি কাকতেই হৈছে ৰাইজৰ সংসদ, ৰাইজৰ বাৰ্তাদূত। ইয়াৰ জৰিয়তে পৃথিৱীৰ যিকোনো কোণত থকা সকলো লোক বা জাতিয়ে নিজৰ সমস্যা বা খা-খবৰ আদি প্ৰকাশ কৰিব পাৰে। বাতৰি কাকতেই বিশ্বৰ জাতি সমূহৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি ভাতৃত্ব বোধৰ সম্বন্ধ ৰক্ষা কৰি আহিছে।

বাতৰি কাকতৰ উপত্তিঃ-

   অভাৱেই আৱিস্কাৰৰ মূল। এই অভাৱৰ কাৰণেই আৱিৰ্ভাৱ হৈছিল বাতৰি কাকত। পুৰণিকালত বৰ্তমানৰ দৰে বাতৰি কাকতৰ প্ৰচলন নাছিল । সেইসয়ত খা-খবৰ, পত্ৰ বিনিময়, যুদ্ধ বাতৰি আদি কটকী, ৰাজদূত সকলৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল। ইয়াৰ বাবে বহু সময়ৰো প্ৰয়োজন হৈছিল। এই সমস্যাৰ সমাধান কৰিবলৈ সৰ্বপ্ৰথমে চীন দেশত বাতৰি কাকত আৰু ছপাকলৰ উদ্ভাৱন কৰিছিল। ইটালীৰ ভেনিচ চহৰত প্ৰথম বাতৰি কাকত প্ৰকাশ হয়। ইয়াৰ নাম আছিল গেজেটা। ই গেজেট শব্দৰ পৰা উপত্তি হৈছিল। ইংলেণ্ডত বাতৰি কাকত প্ৰকাশ হয় ৰাণী এলিজাবেথৰ দিনত। ভাৰতত ইংৰাজ ৰাজত্বকালৰ আৰম্ভণিতে ১৭৪৪ চনত বাতৰি কাকতৰ প্ৰচলন আৰম্ভ হয়। ইয়াৰ নাম আছিল ইণ্ডিয়া গেজেট। ইয়াৰ পিছৰ পৰাই ইংৰাজী আৰু দেশীয় ভাষাত বাতৰি কাকত প্ৰকাশ হবলৈ ধৰে। সেই সময়ৰ কিছু কাকত হল- সমাচাৰ, নাফেন, ৰয়টাৰ, তাচ, পি.টি. আই আদি ।

অসমৰ বাতৰি কাকতঃ-

    খৃষ্টান মিছনেৰীসকলৰ জৰিয়তে অসমত ১৮৬৪ চনত প্ৰথম বাতৰি কাকতৰ প্ৰচলন হয়। ইয়াৰ নাম আছিল অৰুণোদই। ইয়াৰ পাছত অসমত বিভিন্ন কাকতৰ প্ৰকাশ পায়। যেনেঃ- অসম বান্ধৱ, বাঁহী, জোনাকী, মৌ, জয়ন্তী আদি। ইয়াৰ উপৰি ৰামধেনু, আৱাহন, পছোৱা, শিশু- আলোচনী অৰুণ, অকণ, দীপক, সাদিনীয়া জনমভূমি, নাম নাই, মহাজাতি ইত্যাদিও প্ৰকাশ পায়। এই সকলোবোৰ নানা কাৰণত বন্ধ হৈ যায়। ইয়াৰ পাছত নতুন অসমীয়া কাকতখন কিছুদিন চলি বন্ধ হৈ যায়।

    বৰ্তমান সময়ত অসমত প্ৰকাশিত হৈ থকা বাতৰি কাকতবোৰ হল- অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক অসম, আজি, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, অসম বাণী, সাদিন , অভিমত, জনমত আদি। ইয়াৰ উপৰিও অসমত বিভিন্ন ভাষাত বাতৰি কাকত প্ৰকাশিত হয়। ইংৰাজী ভাষাত- The Assam Tribune, The Sentinel  আৰু The North-East Times আদি বাতৰি কাকত প্ৰকাশিত হয়। ইয়াৰ বাহিৰে কিছু মহিলা আলোচনীও প্ৰকাশিত হয়। যেনেঃ- পূৱালী, স্বৰুপা, শীময়ী, নন্দিনী, প্ৰিয়সখী, ৰাগিনী আদি। স্বাস্থ্যচিন্তা নামৰ এখন স্বাস্থ্য সম্বন্ধীয় আলোচনীও প্ৰকাশিত হয়।

শ্ৰেণী বিভাগঃ-

বাতৰি কাকত বিভিন্ন প্ৰকাৰৰ হব পাৰে। যেনেঃ-

                   ১। বাতৰি প্ৰধান কাকত
                   ২। বাৰ্তা আৰু প্ৰবন্ধ মিশ্ৰিত কাকত
                   ৩। আলোচনী কাকত।

প্ৰথম শ্ৰেণীৰ কাকতত, দেশ-বিদেশৰ খা-খবৰ প্ৰধানকৈ থাকে।

দ্বিতীয় শ্ৰেণীৰ কাকতত, অৰ্থনীতি, সমাজনীতি, ৰাজনীতি, বিজ্ঞান, বেপাৰ-বাণিজ্য, সাহিত্য, খেলা-ধূলা, সংস্কৃতি, আনন্দ-স্ফূৰ্তি আদিৰ বাতৰি প্ৰকাশ কৰা হয়।

তৃতীয় শ্ৰেণীৰ কাকতত, গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-পাতি আদি বিশেষকৈ প্ৰকাশ কৰা হয়।

বাতৰি কাকতৰ ভূমিকাঃ-

    বৰ্তমান সময়ত বাতৰি কাকতৰ ভূমিকা অসীম। প্ৰতিদিন পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা নানা ধৰণৰ ঘটনা, অৰ্থনীতি, সমাজনীতি, ৰাজনীতি, বিজ্ঞান, বেপাৰ-বাণিজ্য, সাহিত্য, খেলা-ধূলা, সংস্কৃতি, আনন্দ-স্ফূৰ্তি ,জনমত, যুদ্ধ-বিগ্ৰহ, অভাৱ-অনাটন, প্ৰাকৃতিক দুৰ্যোগ আদিৰ খা-খবৰ ৰাইজৰ জ্ঞাতৰ্থে  বিতং ভাৱে পুংখানুপুংখকৈ প্ৰকাশ কৰে। এয়াই বাতৰি কাকতৰ প্ৰধান ভূমিকা । 


বাতৰি কাকতৰ উপকাৰঃ-


   গনতান্ত্ৰিক দেশত বাতৰি-কাকত হৈছে দেশৰ সদা-জাগ্ৰত প্ৰহৰী স্বৰূপ । দেশৰ শাসনতন্ত্ৰত গঠন,শাসন প্ৰণালী,চৰকাৰে গ্ৰহন কৰা নতুন নতুন নীতি নীয়ম,আইন-কানুন,গ্ৰহন কৰা আদিৰ বিষয়ে জন-সাধাৰণক জনোৱাটোক বাতৰি-কাকতৰ কৰ্তব্য । ইয়াৰ ওপৰিও জৰুৰী কালীন আইন পৰিবৰ্তনৰ সময়ত যুদ্ধ- বিগ্ৰহ,বিপ্লব,প্ৰাকৃতিক দুৰ্যোগ আদি ৰাইজলৈ পঠোৱা একান্ত কৰ্তব্য । তদুপৰী আইন-প্ৰনয়ৰ সময়ত কোনো নতুন নীতিৰ সময়ত যেতিয়া গনতন্ত্ৰৰ মতামত প্ৰযোজন হয়, সঠিক আৰু শুদ্ধভাবে ৰাইজৰ মতামত চৰকাৰৰ আৱগত কৰোৱাৰ ক্ষেত্ৰত বাতৰি কাকতে অতিশয় ক্ষিপ্ৰভাৱে বাতৰি পৰিৱেশন কৰা প্ৰয়োজন,বাতৰি কাকতৰ প্ৰকাশিত মতামতে দেশৰ শাসনতন্ত্ৰত ভেটি শক্তিশালী কৰিব পাৰে । দেশত যেতিয়া শোষণকাৰী,ভেজালকাৰী,চোৰাংচিকাৰী অবাত অত্যাচাৰ চলে,শাসনতন্ত্ৰ বিপন্ন হৈ যায় আৰু গনতন্ত্ৰৰ মৰ্যাদা কোনো কাৰণত যদি নষ্ট হয়,তেনেক্ষেত্ৰত তীব্ৰ জনমতৰ গঠন কৰি তাৰ বিৰুদ্ধে কব কথা কবলৈ জনগনক একত্ৰিত কৰে বাতৰি কাকতে। ইয়াৰ উপৰি বাতৰি কাকতে আৰু নানা প্ৰকাৰে জনগনক উপকাৰ কৰে।


বাতৰি কাকতৰ অপকাৰঃ-


  কেতিয়াবা কেতিয়াবা উৰা বাতৰিল,উদ্ভট,অবাস্তব,কাল্পনিক,কাহিনী কিছুমান পৰিবেশন কৰি জনগনক বিভ্ৰান্ত কৰা বিপদ গামীও হোৱা দেখা যায় । ইয়াৰ উপৰিও কেতিয়াবা ৰাজনীতিৰ মেৰপাকত পৰি বাতৰি কাকতবোৰ নিজৰ দ্বায়িত্ব পালন কৰাত অসমৰ্থ হৈ পৰে । তাৰ ফলত ক্ষমতাশালী লোকৰ দলৰ মনোৰঞ্জন কৰিবলৈ গৈ জন-বিৰোধী কাৰ্যাৱলীকো সমৰ্থন কৰি জন-স্বাৰ্থ নিৰ্মমভাৱে পদদলিত কৰি পেলায় । তেতিয়া সাধাৰণ জনগন স্ৰষ্টাৰ ওচৰত নীৰৱে টুকি প্ৰাৰ্থণা কৰাৰ বাহিৰে গত্যন্তৰ নাথাকে।


মন্তব্যঃ-


  বাতৰি কাকতসমূহে যাতে মুক্ত হৈ উন্মুক্তভাৱে নিৰ্ভক, নিৰপেক্ষভাৱে জন সেৱাৰ মনোভাৱ লৈ দায়িত্ব পালন কৰাটোৱেই আমাৰ কামনা ।


******************************

Post a Comment

0 Comments