Internet Assamese Essay..|| ইন্টাৰনেট অসমীয়া ৰচনা ..

   ইন্টাৰনেট

      মানুহ পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ট জীৱ । সৃষ্টিকৰ্তাৰ সৃষ্টি নূত্যতম ৰহস্য ভেদ কৰিবলৈ মানুহৰ প্ৰচেষ্টা সীমাহীন ।মানুহ  নপোৱাটো পাৱলৈ আৰু নেদেখাটো চাবলৈ সদায় ব্যগ্ৰ । সেয়ে মানুহে প্ৰকৃতিৰ বুকুত বিভিন্ন বস্ত আৱিস্কাৰ কৰি ন ন দিশত আগুৱাই যাবলৈ প্ৰচেষ্টা চলাই আছে । প্ৰাচীন কালত জুই আৰু  লো আৱিস্কাৰ দিনৰ পৰা বৰ্তমান লৈকে মানুহৰ আৱিস্কাৰ সামগ্ৰী অন্তহীন । এই সকলো বিজ্ঞানৰ অৱদান আৰু বিজ্ঞানে ন ন পৰীক্ষা-নিৰীক্ষা চলাই থাকে । এই ইন্টাৰনেট এটা  হল  বিজ্ঞানৰে অৱদান । ১৯৫৮ চনত অবিভক্ত ছোভিযেট ৰাছিয়াত ইয়াৰ সূচনা হয় । পিছত পূৰ্ণতা প্ৰদান কৰে আমেৰিকা যুক্তৰাষ্টই । যোৱা কুৰি বছৰত গোটেই পৃথিৱীত ইন্টাৰনেট সিঁচৰিত হৈ পৰিছে



ইন্টাৰনেট কি ???

    ইন্টাৰনেট  এনে এটা যোগাযোগ মাধ্যম, যাক কম্পিউটাৰ, মোবাইল আদি ছিষ্টেমৰ লগত সংয়োগ কৰি এজনে আনজনৰ লগত সংযোগ স্থাপন কৰে । বৰ্তমান ইন্টাৰনেট এক অন্যতম মাধ্যম ।অৱশ্যে তথ্য আদান-প্ৰধান টেলিফোন, নেটৱাৰ্কিং ছিষ্টেমৰ দ্বাৰাও কৰা হয় । এই মাধ্যমত ই-মেইল দ্বাৰাও বিশ্বৰ সকলো ঠাইৰ তথ্য আহৰন কৰিব পাৰি ।

বিশ্বৰ বিভিন্ন বাতৰি কাকত, আলোচনী,টেলিভিচনত আৰু বিভিন্ন অনুষ্ঠান আদি ইন্টাৰনেটত বৰ্তমান অন্তৰ্ভূক্ত হৈছে । ইন্টাৰনেট লাভ কৰা সকলে অতি সহজতেই সকলো তথ্য লাভ কৰিব পাৰে ।

ইন্টাৰনেটৰ অন্যান্য দিশঃ-

         ইন্টাৰনেট হৈছে ভবিষ্যত গঢ়াৰ মাধ্যমবৰ্তমান সময়ত এই মাধ্যমত কম খৰচত কম সময়ত বিশাল তথ্য প্ৰেৰন বা সংগ্ৰহ কৰিব পাৰি, যিয়ে বিভিন্ন দিশত সফলতা অৰ্জন কৰাত সহায় কৰে । 

ইন্টাৰনেটৰ  উপকাৰীতাঃ-

         ইন্টাৰনেটৰ সহায়ত কাম-কাজ খা-খবৰ ইত্যাদি অতি কম সময়ত কৰিব বা লব পাৰি বৰ্তমান স্কুল কলেজৰ সকলো ধৰণৰ ৰ্ফম ইন্টাৰনেটৰ যোগেদি ভৰা হয়, লগতে সকলো প্ৰকাৰৰ চাকৰিৰ ৰ্ফমও অনলাইনতে ভৰা হয় । সেয়ে কব পাৰি ইন্টাৰনেটৰ কাৰণে পৃথিৱী খন বহু আগুৱাই গৈছে, ফলত পৃথিৱী খন গোলকীয় গাৱত পৰিণিত হৈছে ।

ইন্টাৰনেটৰ অপকাৰীতাঃ-

            ইন্টাৰনেটৰ খন ইমানেই জন প্ৰিয় হৈ পৰিছে যে প্ৰজনতকৈ অধিক অপব্যৱহাৰ কৰে । ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ঠাইত বন্দু-বান্ধৱীৰ লগত নেটত আড্ডা মাৰি থাকে অধিক সময় ভিডিঅ গেম খেলি সময় নষ্ট কৰে ।     
   
সামৰণীঃ-

     বৰ্তমান চহৰ অঞ্চলৰ দৰে গাঁৱতো  ইন্টাৰনেটৰ সুবিধা হৈছে । গতিকে সকলোৱে প্ৰয়োজনতকৈ অধিক সময় মনোৰঞ্জনত  ইন্টাৰনেট ব্যয় নকৰি ইয়াৰ সুবিধা গ্ৰহন কৰি উন্নত ধৰনৰ চিন্তাৰে দেশক অধিক প্ৰগতিৰ পথলৈ আগুৱাই লোৱা উচিত ।

 **********

Post a Comment

0 Comments