Environment Pollution Assamese Essay || পৰিৱেশ প্ৰদূষণ ||


পৰিৱেশ প্ৰদূষণ

আৰম্ভণিঃ-

   পৰিৱেশ বু্লি কলে সাধাৰণতে আমি আমাৰ চাৰিওঁফালৰ বাযু, পানী, মাটি আদিৰ অৱস্থাটোক বুজায় । মাটি, পানী, বায়ু আদিৰ উপৰিও গছ-গছনি, চৰাই-চিৰিকুটি, জীৱ-জন্তু আদিৰ ওপৰতো প্ৰভাৱ পেলায় । প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে পৰিৱেশ অনুকুল হৈ থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালে পৰিৱেশ প্ৰতিকুল হৈ পৰে ।

প্ৰদূষণ কিঃ-

     আমাৰ পৰিৱেশৰ বাযু, পানী, মাটি আদি প্ৰযোজনীয় উপাদান সমূহৰ উপৰিও অপ্ৰয়োজনীয় আৰু স্বাস্থ্যৰ ক্ষতিকাৰক উপাদান থাকিলে তেতিয়া পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয় । পৰিৱেশ বিভিন্ন প্ৰকাৰে প্ৰদূষণ হয় যেনে- পানী প্ৰদূষণ, বাযু প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ ।

পানী প্ৰদূষণঃ- 
 
      নগৰ অঞ্চলৰ, কল-কাৰখানা, নলা-নৰ্দমা আদিৰ আৱৰ্জনাই পানী প্ৰদূষণ কৰে । এনে পানী খোৱাৰ বাবে অনুপযোগী ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু বহুত বেমাৰ আজাৰৰ দেখা দিযে । প্ৰদূষণ পানীত সকলো জীৱ-জন্তু মাছ-কাছ আদিৰ মৃত্যু হয় ।

বাযু প্ৰদূষণঃ-

   প্ৰানীৰ প্ৰাণ হল বাযু । প্ৰানীয়ে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বনডাই অক্সাইড এৰি দিয়ে । কিন্তু এতিয়াৰ দিনত কল-কাৰখানা আৰু যান বাহন পৰা ওলোৱা ধোঁৱাই পৰিৱেশ প্ৰদূষণ কৰি পেলায় ।  কল-কাৰখানা আৰু যান বাহন পৰা ওলোৱা ধোঁৱাত কাৰ্ব-ডাইঅক্সাইডৰ লগতে কাৰ্বন-মন অক্সাইড থাকে । এই কাৰ্বন-মন অক্সাইড পৰিৱেশৰ বাবে বহুত অনিষ্টিকাৰী ।ইয়াৰ বাবে  আজিকালি এছিড বৰষুণ হোৱা দেখা যায় ।

     ১৯৮৪ চনত হোৱা ভূপালৰ গেছ দূৰ্ঘটনাত বায়ুমণ্ডল প্ৰদূষিত হৈ হাজাৰতকৈ অধিক নিৰীহ লোক প্ৰাণ হেৰুৱাইছিল । বিভিন্ন ধৰণৰ উদ্যোগ কল-কাৰখানা, তেল শোধনাগাৰ, কাগজ কল, চিমেণ্ট উদ্যোগ, আদি বৃহতম উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থবোৰে বাযুমণ্ডল আৰু কৃষি কাৰ্যত ক্ষতি সাধন কৰে ।

   বৰ্তমান যুগটো হল পৰমাণু যুগ । কৱলৈ গলে পাৰমাণৱিক দিশৰ পৰা অস্ত্ৰ-শস্ত্ৰই পৰিৱেশ প্ৰদূষণ কৰি আছে । পাৰমাণৱিক বোমা বিকৰ্ষণ ফলত হিৰোছিমা-নাগাছিমা নগৰ বিছিন্ন হোৱাৰ উপৰিও পাৰমাণৱিকৰ প্ৰৱল প্ৰতিক্ৰিয়াত সন্নিহিত ভূখণ্ডৰ মানুহ, জীব-জন্তু পক্ষী আদিৰ সিস্থ-অস্থিত্ব বিপন্ন হৈছিল ।
    বিভিন্ন ৰাষ্ট্ৰৰ পৰা তথ্য প্ৰযুক্তিৰ বাবে কৃত্ৰিম উপগ্ৰহ, ৰকেট  আদি নিক্ষেপ কৰাৰ ফলত বাযুমণ্ডলৰ ষ্ট্ৰেটস্ফিয়াৰত বহুত সৰু-বৰ বিন্ধা হৈছে, ফলত অনিষ্টিকাৰী বেঙুনীয়া ৰশ্মি পৃথিৱীৰ সিচঁৰিত হৈ পৰে আৰু প্ৰানীৰ বহুত ক্ষতি সাধন কৰে

মাটি প্ৰদূষনঃ-

     কল-কাৰখানা, প্লাষ্টিক আদিৰ আৱৰ্জনাই মাটিৰ উৰ্বৰতা  নষ্ট কৰে । আজি কালি শস্যৰ অধিক উতপাদনৰ বাবে ৰাসায়নিক সাৰ প্ৰযোগ কৰা হয় । ফলত মাটিৰ উৰ্বৰতা শক্তি কমাই আনে আৰু লগতে মাটি প্ৰদূষণ কৰে ।

শব্দ প্ৰদূষণঃ-

    নগৰ অঞ্চলৰ আন প্ৰধান প্ৰদূষণ হল শব্দ প্ৰদূষণ । নগৰত গাড়ী-মটৰ, উদ্যোগ, উৰাজাহাজ, লাউড স্পিকাৰ আদি শব্দ প্ৰদূষণ কৰে । ফলত বহু লোকৰ কাণৰ বেমাৰ আৰু আন আন বেমাৰৰ ভূগিবলগীয়া হয় ।

সামৰণিঃ-

   জি বিজ্ঞাৰ সফলতাৰ বাবে মানৱ জাতিক বিলাসী জীৱণ যাপন কৰাত সহায় কৰিছে । প্ৰত্যোক জন ব্যাক্তিয়ে পৰিৱেশৰ দিশত সজাগত হোৱা উচিত । আমাৰ পৰিৱেশ আমিয়ে সংৰক্ষণ কৰিব লাগিব । নহলে ভৱিষ্যতত আমাৰ জীৱন বিপন্ন হৈ পৰিব । পৰিৱেশ সজাগত ৰাখিবৰ বাবে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় । চৰকাৰৰ লগতে আমি সাধাৰণ ব্যাক্তিয়ে সচেতনাইহে পৰিৱেশৰ প্ৰদূষণ কমাব পাৰি ।

 ⇎⇎⇎⇎⇎⇎⇎⇎⇎⇎⇎⇎⇎

Post a Comment

0 Comments