Cottage Industry in Assam.অসমৰ কুটীৰ-শিল্প ।।


অসমৰ কুটীৰ-শিল্প 

আৰম্ভণিঃ-  

       প্ৰকৃতিৰ  নুমলী জীয়াৰী অসমী আইক স্ৰষ্টাই-কৌশলৰ সকলো মহিমাৰে মনোহৰা,  মনোৰমাকৈ সৃষ্টি কৰিয়েই এৰা নাই,অসমীক প্ৰকৃতিৰ বুকুৰ সকলো সম্ভাৰেৰে ঐশ্বৰ্যশালী কৰিও সৃষ্টি কৰিছেসেই বাবেই পুৰণী যুগৰ পৰাই অসম-কামৰূপ ঐশ্বৰ্য আৰু কলা-সংস্কৃতিৰ ভাণ্ডাৰূপে পৰিগণিত হৈ আহিছে ।এসময়ত অসমক শিল্প-কলাৰ কাৰণে খ্যাতি হৈ আছিল ।কিন্তু আজিৰ সময়ত অসম খন কুটিৰ-শিল্প বাবে আটাইতকৈ পিছ পৰা ৰাজ্য


কুটীৰ শিল্পঃ-

       কুটীৰ-শিল্প বাবে অসমৰ নাম সদৌ ভাৰততে জনাজাত হৈ পৰিছিল।কুটীৰ-শিল্পতো অসমে স্থান  দখল কৰিবলৈ সমৰ্থ হৈছিল।পাট,কপাহী,এৰী,মুগা আদি বয়ন-শিল্প,কাহ-পিতলৰ নানাবিধ বাচন তৈয়াৰ শিল্প,কাঠ-শিল্প,বাহ,বেতৰ শিল্প,মাটি বাচন তৈয়াৰ শিল্প,হাতীদাঁতৰ শিল্প,পাটী শিল্প,লোহা শিল্প,সোন ৰুপ অলংকাৰৰ শিল্প,ভাস্কৰ শিল্প আদি । পুৰণি কালৰে পৰা বয়ন-শিল্পত অসম ভাৰত বিখ্যাত।অসমত পাট-মুগাৰ ছাঁ-তে শুকোৱা  মুঠতে লুকোৱা সাজে এসময়ত দিল্লী-আগ্ৰাৰ মোগল সকলৰ মাজত আলোড়ণৰ সৃষ্টি কৰি কৰিছিল ।

       অসমীয়া ছোৱালীযে কাপোৰ বব নজনাটো এসময়ত বৰ লাজৰ কথা আছিল,এনে ছোৱালী বোৰক থুপৰী বুলি কোৱা হৈছিল । তেনে ছোৱালী বহুত ক্ষেত্ৰত বিয়া-বাৰু আশা কৰা নাছিল ।অসমীয়া সমাজত জীয়াৰী-বোৱাৰী সকলোৱে বয়ন-শিল্প বাধ্যতামূলক আছিল । ৰাতিৰ ভিতৰতে কপাহ নেওঠি,সূতা কাটি কাপোৰ বৈ উলিওৱাই পিছদিনা পুৱা গৃহস্তক আৰু ল'ৰা, নাতি আদিক সেই কাপোৰ পিন্ধাই যুদ্ধ ক্ষেত্ৰত পঠাইছিল ।অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকা-ফুলৰ চানেকী দেখি আমাৰ জাতিৰ পিতা মহাত্মাগান্ধীয়ে কৈছিল, অসমীয়া শিপিনীয়ে কাপোৰত পৰীৰ সাধু ৰচনা কৰে ।অসমীয়া সমাজৰ শিপিনীৰ বয়ন-নৈপুন্য দেখি ভাৰতীয় নেতা সকলে বহুত প্ৰশংসা কৰিছিল ।


       ৰহাত কাঁহৰ বাচঁনৰ খ্যাতি সমগ্ৰহ অসমৰে ৰৈ-বৈ গৈছিল । কাঁহৰ পিতলৰ শিল্পৰ বাবেও এসময়ৰ অসম তথা ভাৰত বিখ্যাত আছিল । হাজো,সৰ্থেবাৰী কাহঁ শিল্প বাবে বিখ্যাত।আজিও এই অঞ্চল সমূহ অতীতৰ ঐতিহ্য ৰক্ষা কৰি অসমৰ নাম জিলিকাই ৰাখিছে ।


      কাঠ-শিল্প অসমীয়া সমাজ গৌৰৱৰ বাহন বুলি কব পাৰি । কাঠেৰে চকী,মেজ,নাঙল,ঢেকী আদি ভিবিন্ন ধৰনৰ সামগ্ৰী তৈয়াৰ কৰাৰ বাহিৰেও ভগবানৰ মূৰ্তি, বেদীৰ সিংহাসন তৈয়াৰ কৰা হয় ।

     দৈনন্দিন জীৱনত বাঁহ-বেতৰ আচবাব-পত্ৰ খুবেই প্ৰয়োজন , যেনে জাপী ,খৰাহী,ডলা,চালনী,মাছ-মৰা জাকৈ,খালৈ,পল,দলঙা আদি,এইবোৰ আজিও অসমীয়া সমাজত প্ৰচলন আছে ।

 অসমীয়া সমাজৰ এক শ্ৰেণী মানুহৰ মাটিৰে বাঁচন-বৰ্তন-তৈয়াৰ কৰাটোও ব্যৱসায় ।দুখীয়া এক শ্ৰেণীৰ লোকৰ ইও এটা জীবিকাৰ উপায় ।

    অসমৰ আন এটি অতি গৌৰৱ ৰঞ্জিত শিল্প হৈছে হাতীদাঁতৰ শিল্প । এসয়মত অসমত প্ৰচুৰ পৰিমানে পোৱা গৈছিল । ইয়াক আ-অলংকাৰত ব্যৱহাৰ কৰা হৈছিল । বৰ্তমান হাতীদাঁতৰ শিল্প পোৱা নাযায় ফলত বাবে ইয়াৰ ব্যাৱহাৰ কমি আহিছে ।

    সোণ-ৰূপ অলংকাৰ তৈয়াৰী শিল্পও এক মূল্যৱান শিল্প ।এসয়মত অসমত প্ৰচুৰ পৰিমানে সোণ-ৰূপ পোৱা গৈছিল। পুৰণী কালত শোৱণশিৰি নদীৰ বালিৰ পৰা প্ৰচুৰ পৰিমানে সোণ পোৱা গৈছিল।

    লো-শিল্প- লোহাৰে তৈয়াৰী ভিবিন্ন সামগ্ৰী যেনে-দা,কটাৰী,কোঁৰ, বৰতোপ,হাংদান,নানা বিধ যুদ্ধৰ সঁজুলি ।পুৰণি কালত অসমত প্ৰচুৰ পৰিমানে লো পোৱা গৈছিল ।বৰ্তমান অসমত কিছু লো  পোৱা যায় ।
পাটী-দৈৰে পাটী তৈয়াৰ কৰাটোও অসমৰ এক শ্ৰেণী লোকৰ ব্যৱসায় কাঠ পাটী আদি ভিবিন্ন ঠাইত তৈয়াৰ কৰা হয় ।


     অসমৰ পুৰণি মট-মন্দিৰ দোল-দেৱালবোৰ অসমৰ এবিধ বিশেষ ধৰণে তৈয়াৰী ইটাৰে সজোৱা, অসমৰ পুৰণি জয়দৌল,শিৱদৌল,ৰংঘৰ,কাৰেংঘৰ,,আদি এই ইটাৰে তৈয়াৰী । কিন্তু বৰ্তমান বিলুপ্ত হৈ গৈছে ।
     অসমৰ পৰ্বত-কন্দৰে,গুহাত থকা নানা শিল মূৰ্তি আদি অসমৰ শিলৰেই তৈয়াৰ কৰিছিল ।এই শিলেই সমগ্ৰ অসমত বিয়পি আছে । অসমত বৰ্তমান ভাস্কৰৰ অভাব পৰিলক্ষিত হৈছে ।


অৱনতিৰ কাৰণঃ-

অসম খনত বহুত কুটীৰ শিল্প থকাৰ বাবেও আজি অসনত আৰ্থিক অনাটনত দেখা দি আছে । কাৰণ অসমৰ উদ্যোগৰ অভাবইয়াৰ মূল কাৰণ হৈছে বৰ্তমান অসমত কেঁচা সামগ্ৰীৰ অভাৱ ।

কুটীৰ শিল্পত পৰিশ্ৰম বেছি অথচ উৎপাদন কম ফলত মূল্য বেছি । যান্ত্ৰিক তুলনাত অধিক মূল্যৰ বস্তুৰ প্ৰতি মানুহৰ স্বাভাৱিক অৱহেলা আহি পৰিছে । আনহাতে বিদেশী বস্তুৰ প্ৰতি আকৰ্ষন বেছি আৰু কুটীৰ শিল্প চাহিদা কমি আহিছে ।সেয়েহে অসমৰ কুটীৰ শিল্পৰ অৱনতি ঘটি আছে ।

সামৰণি আৰু মন্তব্যঃ-


বিজ্ঞানে যিমানেই উন্নতি সাধন নকৰক কিয় ? ইয়াৰ উপৰি যদি চৰকাৰে কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব দিয়ে তেনেহলে অসমৰ কুটীৰ শিল্পও বৰ্তি হৈ থাকিব, ইয়াৰ লগত শ শ নিবনুৱা যুৱক-যুৱতী জড়িত হব পাৰিব। ফলত নিৱনুৱা সমস্যা বহু পৰিমাণে হ্ৰাস হব। অসমত যি অলপমান কুটীৰ শিল্প আছে সেইখিনিক চৰকাৰী পৃষ্ঠপোষকতাৰ জৰিয়তে কেচাঁ সামগ্ৰী যোগান ধৰিব লাগে। ইয়াৰ ওপৰি কুটীৰ শিল্পৰ বাবে যুৱক-যুৱতী সকলোৰ মাজত জাতীয় চেতনা জগাই তুলিব লাগে, ফলত কুটীৰ শিল্পৰও সমৃদ্ধি হব আৰু অসমৰ কুটীৰ শিল্পই তেতিয়া বিশ্ব বজাৰৰ লগত ফেৰ মাৰিব পাৰিব |


******************

Post a Comment

0 Comments