অসম।। ASSAM

অসম।। ASSAM

অসম ভাৰতৰ এখন অংগৰাজ্য ভাৰতৰ উত্তৰ পূবত অবস্থিত অসম ৩৩ খন জিলাত  বিভক্ত হৈ আছে।  অসমৰ মুঠ মাটি কালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসম ভাৰতৰ ভিতৰত মাটিকালিৰ   দিশৰ পৰা ১৭ তম স্থানত আছে।অসমৰ উত্তৰ  অংশত  প্ৰায়  ৫৬০০০ বৰ্গ  কিলোমিটাৰ ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিন অংশত আছে ৬৯২২ বৰ্গ কিঃমিঃ বৰাক সমতল এই সমতল দুখনৰ মাজত আছে কাৰ্বি আংলং মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পাহাৰবোৰ।

         অসমখন   সাতখন   ভাৰতীয় ৰাজ্য    আৰু  দুখন   বিদেশী দেশে আগুৰি   আছে।   ৰাজ্যখনৰ অৱস্থান      সেয়ে      গুৰুত্বপূৰ্ণ।    ইয়াৰ   উত্তৰে    আছে   ভূটান   আৰু   অৰুণাচল।  পূবে    আছে অৰুণাচল,নাগালেণ্ড আৰু মণিপুৰ,দক্ষিণ একাংশত আছে   নাগালেণ্ডএকাংশত আছে মিজোৰাম আৰু একাংশত মেঘালয় আৰু পশ্চিমে একাংশত পশ্চিমবংগ,একাংশত   বাংলাদেশ  আৰু একাংশত ত্ৰিপুৰা ।ৰাজ্যখন তথা সমগ্ৰ উত্তৰ-পূব অংশটো মুল দেশখনৰ লগত মাথো এডোখৰ ঠেক দীঘলীয়া স্থলভাগেহে সংযোগ স্থাপন কৰি আছে । এই ঠেক অংশটোৰ    দক্ষিণে আছে   বাংলাদেশ আৰু উত্তৰ আছে ভূটান আৰু পশ্চিমে  নেপাল। 



     আয়তনৰ ফালৰ পৰা ৰাজ্যখন ভাৰতৰ ২.৩৯ শতাংশ । ইয়াত ২০১১ চনৰ   লোকপিয়ল   মতে   জনসংখ্যা ৩,১১,৬৯,৭২৭ জন । অসম ভাৰতৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা ১৫তম স্থানত আছে ।




ভাষা,সংস্কৃতি আৰু জাতিঃ-

   অসমৰ ভাষাই হৈছে অসমীয়া (Assamese)অসমীয়া ভাষাই অসমৰ সকলো জাতি-উপজাতিক এডাল এনাজৰীৰ দৰে বান্ধি ৰাখিছে। ইয়াৰ উপৰিও অসমত বাংলা, হিন্দী, ইংৰাজী, বড়ো আদি ভাষাও চলে।
অসমৰ জাতীয় উৎসৱ হৈছে বিহু। বিহু তিনিটা-
                       ১।বহাগ বিহু বা ৰঙালী বিহু 
                       ২।কাতি বিহু বা কঙালী বিহু
                      ৩।মাঘ বিহু বা ভোগালী বিহু
অসমত বিহুৰ উপৰিও দূৰ্গাপূজা, হোলি, ঈদ, মহৰম, বৰদিন, স্বৰসতী পূজা ইত্যাদি উৎসৱ পালন কৰা হয়।
অসমত বিভিন্ন জাতি-জনজাতি বস-বাস কৰে । ইয়াৰ ভিতৰত আহোম, কাৰ্বি, মিচিং, বড়ো, মুছলিম, ৰাভা, গাৰো ইত্যাদি ।



                                     

অসমৰ প্ৰশাসনিক বিভাগঃ-

ভাৰত স্বাধীন হোৱাৰ সময়ত অসমত ১১ খন জিলা আছিল আৰু অৰুনাচলৰ কিছু অঞ্চল অসমৰ ৰাজ্যপালৰ জৰিয়তে শাসিত হৈছিল । দেশ স্বাধীন  হোৱাৰ পিছৰ পৰা ১৯৭১ চনৰ ভিতৰত নগাপাহাৰ জিলা নাগালেণ্ড, গাৰোপাহাৰ আৰু খাছি-জয়ন্তীয়া পাহাৰ জিলা একেলগে মেঘালয় আৰু লুচাই পাহাৰ জিলা মিজোৰাম নামেৰে ৰাজ্য গঠন হল।
পিছত প্ৰশাসনৰ সুবিধা কাৰণে জিলাবোৰক পুনৰ গঠন কৰি অৱশেষত ২৩ খন জিলা হল। আকৌ ২০০৩ চনত অসম চৰকাৰে বড়ো অঞ্চলৰ উন্নতি কাৰণে তিনিখন (চিৰাং, বাগছা, ওদালগুৰি) নতুন জিলা আৰু কোকৰাঝাৰ জিলাক পুনৰ গঠন কৰি এই চাৰিখন জিলাক লৈ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্টিক্ট(BTAD) গঠন কৰে। পিছত কামৰূপ জিলাক ২ ভাগ কৰি গুৱাহাটীক কামৰূপ মেট্ৰপলিটান আৰু বাকীখিনিক কামৰূপ গ্ৰাম্য জিলা নামেৰে নামকৰন কৰে। এইদৰে অসমত মুঠ ২৭ খন জিলা হল। ইয়াৰ পিছত প্ৰশাসন আৰু উন্নতিৰ সুবিধা কাৰণে ২০১৫ চনত দক্ষিণ শালমাৰা মানকাৰচৰ, হোজাই, বিশ্বনাখ, কাৰ্বি আংলং পূৱ, চৰাইদেও আৰু ২০১৬ চনত মাজুলী এই ৬ খন জিলা গঠন কৰা হয়। এতিয়া অসমত মুঠ ৩৩ খন জিলা আছে।

অসমৰ প্ৰশাসনিক জিলা ,মহকুমা ,আয়তন আৰু জনসংখ্যা- ২০১১

   জিলাসমুহ
     মহকুমা
    আয়তন
 (বৰ্গ কিলোমিটাৰ)
    জনসংখ্যা
    (২০১১)
১।তিনিচুকীয়া
তিনিচুকিয়া
৩৭৯০
,৩১৬,৯৪৮
২।ডিব্ৰুগড়
ডিব্ৰুগড়
,৩৮১
,৩২৭,৭৪৮
৩।ধেমাজি
ধেমাজি
,২৩৭
৬৮৮,০৭৭
৪।চৰাইদেও
চৰাইদেও


৫।শিৱসাগৰ
শিবসাগৰ
,৬৬৮
,১৫০,২৫৩
৬।মাজুলী
গড়মুৰ
৮৮০
১৬৭,৩০৪
৭।লক্ষিমপুৰ
লক্ষিমপুৰ
,২৭৭
,০৪০,৬৪৪
৮।যোৰহাট
তিতাবৰ,যোৰহাট
,৮৫১
,০৯১,২৯৫
৯।গোলাঘাট
গোলাঘাট
,৫০২
,০৫৮,৬৭৪
১০।বিশ্বনাথ
বিশ্বনাথ
,১০০
,৮০,০০০
১১।কাৰ্ব আংলং পূব
ডিফু
১০,৪৩৪
৯৬৫,২৮০
১২।নগাঁও
নগাও
,৮৩১
,৮২৬,০০৭
১৩।হোজাই
হোজাই

৯৩১,২১৮
১৪।কাৰ্ব আংলং পশ্চিম
হামৰেন


১৫উত্তৰকাছাৰ পাৰ্বত্য জিলা(ডিমাহাচাও)
মাইবংহাফলং,
,৮৮৮
২১৪,১০২
১৬।কাছাৰ
শিলচৰ,লক্ষিপুৰ
,৭৮৬
,৭৩৬,৩১৯
১৭।হাইলাকান্দি
হাইলাকান্দি
,৩২৭
৬৫৯,২৬০
১৮।কৰিম়়গঞ্জ
কৰিমগঞ্জ,
,৮০৯
,২১৭,০০২
১৯।শোণিতপুৰ
তেজপুৰ
,৩২৪
,৯২৫,৯৭৫
২০।মৰিগাঁও
মৰিগাঁও
,৭০৪
৯৫৭,৮৫৩
২১।দৰং
মঙলদৈ
,৫৮৫
৯০৮,০৯০
২২।ওদালগুৰি
ওদালগুৰি
,৬৭৬
৮৩২,৭৬৯
২৩।কামৰূপ মে'ট্ৰপলিটান
গুৱাহাটী
,৫২৮
,২৬০,৪১৯
২৪।কামৰূপ গ্ৰাম্য
আমিনগাঁও,ৰঙিয়া
,৫২৭.৮৪
,৫১৭২০২
২৫।নলবাৰী
নলবাৰী
,২৫৭
৭৬৯,৯১৯
২৬।বাগছা
শালবাৰী,মুছলপুৰ
,৪০০
৯৫৩,৭৭৩
২৭।গোৱালপাৰা
গোৱালপাৰা
,৮২৪
,০০৮,৯৫৯
২৮।বৰপেটা
বৰপেটা,বজালী
,২৪৫
,৬৯৩১৯০
২৯।বঙাইগাঁও
বঙাইগাঁও,অভয়াপুৰী
,৭২৪
,০৬০৫৫০
৩০।চিৰাং
বিজনী,কাজলগাঁও
,৪৬৮
৪৮১,৮১৮
৩১।কোকৰাঝাৰ
কোকৰাঝাৰ,গোসাইগাঁও
,১২৯
৯৩০,৪০৪
৩২।ধুবুৰী
ধুবুৰী
,৮৩৮
,৯৪৮,৬৩২
৩৩।দক্ষিন শালমাৰা
 মানকাৰচৰ
হাটশিঙিমাৰী
৫৬৮
৫৫৫,১১৪


ভৌগোলিক অঞ্চলসমূহঃ-
অসমখনক ভৌগোলিকে ভাৱে তিনিটা ভাগত ভাগ কৰিব পাৰি । 

(১)ব্ৰহ্মপুত্ৰ সমতল (২)বৰাক সমতল (৩)উচ্চভূমি অঞ্চল ।
 ১। ব্ৰহ্মপুত্ৰ সমতলঃ-

পৰিচয় আৰু ভূ-প্ৰকৃতিঃ-

অসমৰ উত্তৰাংশত ভূটান আৰু অৰুনাচল হিমালয় পাদদেশত ব্ৰহ্মপুত্ৰ সমতলত অৱস্থিত  ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটি কালি প্ৰায় ৫৬,০০০ বৰ্গ কিলোমিটাৰ অথবা অসমৰ ৭৩ শতাংশ ঠাই আগুৰি আছে । এই সমতল খনত ২৩ খন প্ৰশাসনিক জিলা আছে । ইয়াৰ ওপৰিও সমতল খনত ৪ খন বডোলণ্ড জনজাতী়য় স্বায়ত্তশাসিত জিলা আছে ।  নাম কেইটা হল ওদালগুৰি, বাগছা, কোকৰাঝাৰ আৰু চিৰাং এই  জিলা কেইখন বঙাইগাঁও , দৰং, নলবাৰী, বৰপেটা, আৰু কোকৰাঝাৰ জিলাবোৰৰ কিছু কিছু অংশ  আনি গঠন কৰা হৈছে । ই এখন বৃহত্তম সমতল । পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দীঘ ৭২০ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিনলৈ ই গড়ে ৯০ কিলোমিটাৰ মান বহল । ব্ৰহ্মপুত্ৰ নদী ঘাইনৈ হৈছে সোৱণশিৰি, ধনশিৰি, মানাহ, দিছাং, কলং ইত্যাদি । ব্ৰহ্মপুত্ৰ সমতলত থকা মাজুলী পৃাথিবীৰ ভিতৰত বৃহত্তম নদী দ্বীপ ইয়াৰ কালিৰ পৰিমান প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ 

বনজ সম্পদঃ-

    ব্ৰহ্মপুত্ৰ উপত্যকাত বৰ্তমান ১২,৫১২ বৰ্গ কিলোমিটাৰ পৰিমান এলেকাত সংৰক্ষিৰ বন আছে । এই সমতলত খনত অধিক  পৰ্নপাতী  উদ্ভিদ বেছি  পোৱা যায় ।   সেইবোৰৰ ভিতৰত   শাল, চেগুন, বনচম, পমা, গমাৰি, আজাৰ, খয়েৰ, উৰিয়াম, কদম, শিলিখা আদিয়েই প্ৰধান । নাগাপাহাৰ আৰু অৰুনাচল হিমালয় পাদদেশত  ক্ৰান্তীয় চিৰ-সেউজীয়া গছ বনৰ অৰন্য দেখা পোৱা যায় । 

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য-

ৰাষ্টীয় উদ্যান/অভয়াৰণ্য
যি জিলাত অৱস্থিত
কালিৰ পৰিমাণ(বৰ্গ কিঃমিঃ)
প্ৰাপ্য জীৱ-জন্তু/আন আকৰ্ষণ
ৰাষ্টীয় উদ্য়ানঃ
ডিব্ৰু-চৈখোৱা

তিনিচুকীয়াডিব্ৰুগড়

৩৪০.০০

বন্য ঘৰচীয়া ঘোঁৰাবনৰীয়া ম
কাজিৰঙা
গোলাঘাট
৮৫৮.৯৮
গঁড়,বাঘ,হলৌ বান্দৰ,হাতী,বৰা,শিহু
 নামেৰি
শোণিতপুৰ
২০০.০০
বাঘ,ধনেশ পখি,দেওঁহাহ,সোণালী
মহাচিৰ(মাছ)
ওৰাং
দৰং
৭৮.৯১
বাঘ,গড়,হাতী
মানস
বাগছা
৫০০.০০
বাঘ,বনৰীয়া ম,সোণালী বান্দৰ,নল গাহৰি
অভয়াৰণ্যঃ-
দিহিং-পাটকাই

তিনিচুকীয়া

১১১.১৯

হলৌ বান্দৰ,
হাতী,বাঘ,ধনেশ পখি,দেওঁহাহ
ভেঁৰাজান-বৰাজান-পদুমনি
তিনিচুকীয়া
৭.২২
হলৌ বান্দৰটুপীয়া বান্দৰ,নাহৰফুটুকী বাঘ
পানী দিহিং
শিৱসাগৰ
৩৩.৯৩
হাতী,পৰিভ্ৰমি চৰাই
হলোঙাপাৰ গিবন
যোৰহাট
২০.৯৮
হলৌ বান্দৰবান্দৰহাতী
১০নামবৰ
গোলাঘাট,কাৰ্বি-আংলং
৩৭.০০
হাতী,হলৌ বান্দৰ,শৰপহু
১১গৰমপানী
গোলাঘাট,কাৰ্বি-আংলং
৬.৩৫
অৰ্কিড,হাতী,উষ্ণ প্ৰস্ৰৱন
১২নামবৰ দৈগুৰুং
গোলাঘাট,কাৰ্বি-আংলং
৯৭.১৫
হাতী,হলৌ বান্দৰ,শৰপহু
১৩পূব কাৰ্বি-আংলং
কাৰ্বি-আংলং
২২২.০০
হাতী,হলৌ বান্দৰ,শৰপহু ,শৰ
১৪সোনাই-ৰূপাই
শোণিতপুৰ
২৩০.০
হাতী,বাঘশৰপহু,দেওঁ   হাঁহ
১৫বৰনদী
বাগছাওদালগুৰি
২৬.২২
নল গাহৰী,হাতী,বনৰৌ
১৬চক্ৰশিলা
ধুবুৰী
৪৫.৫০
শৰহলৌ বান্দৰ,হৰিণা
১৭আমচোং
কামৰূপ মেট্ৰ
৭৮.৬৪
শৰ,হাতী,হলৌবান্দৰনাহৰ ফুটুকী
১৮পবিতৰা
মৰিগাঁও
৩৮.৮০
গড়,নাহৰ ফুটুকী,হুগৰি পহু
১৯লাওখোলা
নগাঁও
৭০.১৩
হাতী,বাঘ,বনৰীয়া ম
২০বুঢ়া চাপৰী
শোণিতপুৰ
৪৪.০০৬
হাতী,বাঘ,বনৰীয়া ম
২১মাৰাট লংৰি
কাৰ্বি-অংলং
৪৫১.০০
হাতী,বাঘ,নাহ,নাহৰ ফুটুকী,হলৌ বান্দৰ
২২বৰাইল
উত্তৰ কাছাৰ পাৰ্বত্য জিলা
৩২১.০০
ভালুক,হলৌ বান্দৰ,আৰ্কিড
প্ৰস্তাৱিতঅভয়াৰণ্যঃ-
২৩বৰদৈবাম-বিলমুখ

লক্ষিমপুৰ

১১.২৫

পৰিভ্ৰমি চৰাই,জলচৰ চৰাই
২৫দিপৰ বিল
কামৰূপ মেট্ৰ
৪.১৪
পৰিভ্ৰমি চৰাই,হাতী



কৃষিঃ-
     অসম এখন কৃষি প্ৰধান ৰাজ্য । ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু  বৰাক সমতল দুখনত প্ৰতি বাৰিষা বানপানী আহিলে পলস পৰে ।সেইবাবে ইয়াৰ মাটি বিভিন্ন মৌছুমীয় শস্যৰ বাবে উপযোগী  ইয়াৰ বাহিৰেও ব্ৰহ্মপুত্ৰ সমতলৰ পূব অংশত  বানপানী নহোৱা ওখ ঠাইবোৰত ভাল চাহ খেতি হয় । এই সমতলত সকলো ঠাইতে কমেও বছৰি গড়ে ১৫০ চে.মি অধিক বৰষুন হয় । এনে সমতলত ধান, কুঁহিয়াৰ, মৰাপাট, মাহ, গমধান, আদি বিভি্ন্ন প্ৰকাৰৰ শাক-পাচলি আৰু চাহ খেতি কৰা হয়। সমতল খনত কিছু উপযোগী ফল পোৱা যায় ।এইবোৰৰ ভিতৰত কল, কমলা, নাৰিকেল, নেমু,লিচু, আনাৰস আৰু বিভিন্ন প্ৰকাৰৰ আলু আৰু কচু প্ৰধান । ব্ৰহ্মপুত্ৰ সমতলত প্ৰায় ৭০০ খন মান চাহ বাগিচা ঘাইকৈ তিনিচুকিয়া, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, শোনিতপুৰ আৰু দৰং জিলাত সিঁচৰিত হৈ আছে  


শিল্প-উদ্যোগঃ-

    শিল্প-উদ্যোগত উত্তৰ-পূব ভাৰত দেশখনৰ ভিতৰত পিছ পৰা । গতিকে অসম আৰু ব্ৰহ্মপুত্ৰ সমতলতো বিশেষ শিল্প-উদ্যোগ গঢ়ি উঠা নাই । উদ্যোগ গঢ়ি উঠিবৰ বাবে কিছুমান শম্পদ যেনে-খাৰুৱা তেলকয়লা আদিৰ দৰে খনিজ পদা্ৰ্থকৃষিজ সম্পদবনজ সম্পদআদি সমতল খনত পোৱা যায। কিন্ত শিল্প গঢ়ি উঠাবৰ বাবে যিবোৰ আন্তঃগাঁথনিৰ দৰকাৰ সেইবোৰৰ অভাব আৰু স্থানীয় লোকৰ মাজৰ শিল্প স্থাপনৰ উদ্যমৰ অভাৱৰ বাবেই ইয়াৰ উদ্যোগ গঢ়ি উঠা নাই । এই সমতলত যি অলপ শিল্প উদ্যোগ আছেএই-উদ্যোগবোৰক দুইটা ভাগ কৰা হয় । ১.কুটিৰ শিল্প ২.কাৰখানা 

     বৰ্তমানে সমতলত প্ৰায় ২৫০,০০০ খনমান হস্ত-তাঁতশাল আছে ।এইবোৰত কপাহী,মুগা,এৰী আৰু পাটৰ কাপোৰ বনোৱা হয়। উল্লেখযোগ্যযে মুগা আৰু এৰী বাবে অসম পৃথিৱী বিখ্যাত। বৰপেটা জিলাৰ সৰ্থেবাৰী কাঁহ শিল্প আৰু কামৰূপ জিলাৰ হাজো পিতল শিল্পৰ বাবে বিখ্যাত।  কামৰূপ জিলাৰ হাজোত পিতলৰ সাজ-বাচন তৈয়াৰ কৰা হয়। এইবোৰৰ বাহিৰেও ঘৰুৱা শিল্পৰ ভিতৰত সোন-ৰূপৰ অলংকাৰ গঢ়া বাহঁ-বেতৰ সা-সজুলি আচবাৰ পত্ৰ প্ৰস্তত কৰা আৰু মাটিৰ বাচন চাকি আদি সজা হয়। তিনিচুকীয়াযোৰহাটআৰু ডিব্ৰুগড় জিলাত কেইটামান আৰু গুৱাহাটীৰ আশে-পাশে দুটামান প্লাইউড ফিক্টৰী আছে । এই সমতলত বছৰি প্ৰায় ১২,০০০,০০০ বৰ্গ মিঃ প্লাইউড প্ৰস্তত হয়। 

     মৰিগাঁও জিলাৰ জাগীৰোডত হিন্দুস্তান পিপাৰ কৰপৰেছনৰ এটা কাগজ প্ৰস্তত কৰা কাৰখানা আছে । জাঘীৰোডত আন এটা কগজকল আছে (বৰ্তমান বন্ধ আছে)।কামৰূপ পানীখাইতীত এটা হাডবচৰ্ড  প্ৰস্তত কৰা কাৰখানা আছে । সমতলৰ ধুবুৰীত এটা ডাঙৰ আৰু বিজনি উত্তৰ গুৱাহাটীত এট়াকৈ জুইশলা প্ৰস্তত কৰা কাৰখানা আছে । শোনিতপুৰ জিলা(চাৰিদুৱাৰত) এটা কপাহ সূতাৰ প্ৰস্তত কৰা কাৰখানা আছে আৰু কামৰূপ জিলাৰ চন্দপুৰত আছে ।শিলঘাটত এটা মৰাপাট কল আছে ।নগাঁও জিলাত কামৰূপত এটা ক্ষুদ্ৰ চেনি কল আছে আৰু বৰুৱা বামুণগাঁৱৰ কাৰখানাত চেনি উৎপাদন বন্ধ ।

 ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব ভাগত ডিগবৈটাঙাখাটডুলীয়াজালনাহৰকটীয়ামৰাণলাকুৱালংচাইগেলেকীআমগুৰিৰুদ্ৰসাগৰবৰহলত আদিত খাৰুৱা তেল,আৰু মৰাণলাকুৱা,ৰুদ্ৰসাগৰ আদিত তেলৰ বাহিৰেও প্ৰাকৃতিক গেছ পোৱা যায় । ডিগবৈনুমলীগড়নুনমাটিআৰু বঙাইগাঁওত পৰিশোধন কৰি কেৰাচিনডিজেলপেট্ৰমম-বাতি আদি প্ৰস্তত কৰা হয় । (১৯০১)চলত এছিয়াৰ ভিতৰত প্ৰথম ডিগবৈত শোধনাগাৰ স্থাপিত হয় । ইয়াৰ বাহিৰেও ডিব্ৰুগড় জিলাৰ নামৰূপত অসম চৰকাৰ খাৰুৱা তেলৰ ভি্ত্তিত ‘অসাম পেট্ৰকেমিকেলছ লিমিটেড’ নামাৰে এটা ৰাসায়নিক পণ্য প্ৰস্থত কৰা কাৰখানা স্থাপন কৰা হৈছে।ইয়াত মেথানলফৰ্মেলিকপেট্ৰলাইট আদি তৈয়াৰ কৰা হয় ।নামৰূপত এখন সাৰ কাৰখানাও আছে। ৰঙিয়াৰ তুলসীবাৰীত এপল(APOL) কাপোৰ উদ্যোগ আছে। নলবাৰীৰ নাথকুছি আৰু দৰং জিলাৰ বিজুলীবাৰীত কৃত্ৰিম সূতাৰ উদ্যোগ আছে। ডুলীয়াজান আৰু উত্তৰ গুৱাহাটীত চিলিণ্ডাৰত ৰন্ধন গেছ ভৰ্ত্তি কৰা কাৰখানা আছে।

    গুৱাহাটীৰ আসাম কাৰ্বন আৰু ইণ্ডিয়া কাৰ্বন কোম্পানী দুটাই শোধানাগাৰৰ পৰা কেচাঁমাল সংগ্ৰহ কৰি বিভিন্ন কৰ্বনভিত্তিক পণ্য তৈয়াৰ কৰে। ইয়াৰোপৰি তিনিচুকীয়া আৰু গুৱাহাটীত লোৰ ৰডতাঁৰপাইপ প্ৰস্তুত কৰাবঙাইগাঁওত এলুমিনিয়ামৰ বাচন-বৰ্তন তৈয়াৰ কৰাগুৱাহাটীত ঔষধ আৰু প্ৰসাধনী সামগ্ৰী প্ৰস্তুত কৰা কাৰখানা আছে।এইবোৰৰ উপৰিও সকলোবোৰ নগৰ-চহৰ আৰু প্ৰধান ঠাইতে সৰু-সুৰা শিল্প উদ্যোগ আছে।

 পৰ্যটন উদ্যোগঃ-

      পৃথিবীৰ সকলো দেশৰ দৰে অসমতো পৰ্যটন উদ্যোগ গঢ়ি উঠিছে ।অসমত বহুত প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই আছে যেনে-নদ-নদী,পা়হাৰ-পৰ্বত,অৰণ্য জলাহ আদি,যিবোৰ উপভোগ কৰিবলৈ পৰ্যটক আহে। অসমৰ কামাখ্যা,উমানন্দ, বশিষ্ঠাশ্ৰম, নবগ্ৰহ, হয়গ্ৰীৱ-মাধব, পোৱামক্কা, আদি পবিত্ৰ তীৰ্থস্থান বহুত তীৰ্থযাত্ৰী আহে।গুৱাহাটী, শ্ৰীসু্ৰ্য ,তেজপুৰ, শিবসাগৰ, আদি ঠাইত প্ৰাচীন মধ্যযুগৰ মট-মন্দিৰ আদি আছে । ইয়াৰ উপৰিও সমতল খনত ৫খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন অভয়াৰণ্য আছে ।এই সমতলত বহুত মেলা উৎসৱও পতা হয়, যেনে বিহু  অসমৰ পৰ্যটন উদ্যোগ দ্ৰুতি গতিত আগ বাঢ়ি আছে ।

যাতায়ত-পৰিৱহণঃ-

     উত্তৰ-পূৱ ভাৰতৰ অন্যান্য অঞ্চলৰ তুলনাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ যাতায়ত ব্যৱস্থা অলপ উন্নত।এই উপত্যকাত স্থলপথ, জলপথ আৰু বিমানপথ তিনি ব্যৱস্থাই সূচল।
      সমতলখনত ৩১নং, ৩৬নং, ৩৭নং, ৩৮নং,৩৯নং, ৫২নং এই ৬খন মুঠ ১,৭০০ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৪,০০০ কিঃমিঃ ৰাজ্যিক গড়াকাপ্টানী পথ আৰু ভালেমান গাঁৱলীয়া পথে সমতলখনৰ ইমূৰৰ পৰা সিমূৰ লৈ গাঁও, নগৰ-চহৰক সংযোগ কৰি যাতায়তক সূচল কৰি ৰাখিছে।
      ১৮৮৪ চনৰ পৰাই ব্ৰহ্মপুত্ৰ সমতলখনত ৰেল চলাচল আৰম্ভ হয়। সেইসময়ত ডিব্ৰুগড় আৰু যোৰহাট অঞ্চলৰ চাহ বাগিচাবোৰৰ লগত ব্ৰহ্মপুত্ৰৰ জাহাজঘাটবোৰৰ লগত সংযোগ কৰি চাহপাত কলকতা আৰু গ্ৰেইট ব্ৰিটেইনলৈ প্ৰথমে সৰু সৰু ৰেলপথবোৰ স্থাপন কৰা হৈছিল।বৰ্তমান  সমতলখনত ২০০০ কিঃমিঃ মান ৰেলপথ আছে। গুৱাহাটী ৰেল ষ্টেশন উত্তৰ-পূৱ ভাৰতৰ ভিতৰত বৃহত্তম আৰু কেন্দ্ৰস্থল। উজনি অসমৰ ডিব্ৰুগড় ৰেল ষ্টেশন আৰু নামনি অসমৰ নিউ বঙাইগাঁও জংচন উক্ত ঠাইৰ কেন্দ্ৰস্থল।১৮৪৯ চনত কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰ দি এই সমতল লৈ প্ৰথম জাহাজ চলিবলৈ লয় আৰু ১৯৪৭ চনত দেশ বিভাজন হোৱাত ব্ৰহ্মপুত্ৰ জল-পৰিবহন সেৱা আৰু ইয়াৰ ব্যৱহাৰ কমি আহিছে ।         

বৰাক সমতলঃ-

পৰিচয় আৰু ভূ-প্ৰকৃতিঃ-

     অসমৰ দক্ষিণ অংশত  বৰাক  সমতল  অৱস্থিত । ই    পূবা-পশ্চিমাকৈ   প্ৰায় ৮৫ কি.মি. দীঘল আৰু উত্তৰা-দক্ষিণাকৈ গড়ে ৭০ কি.মি. বহল। ই ৬,৯২২ বৰ্গ কি.মি.ৰ এখন   মজলীয়া  আয়তনৰ সমতল। ইয়াত  কাছাৰহাইলাকান্দি আৰু কৰিমগঞ্জ নামৰ  তিনিটা প্ৰশাসনিক  জিলা আছে।
এই সমতলৰ ঘাই নদী খনেই হৈছে বৰাক নদী। এই সমতলৰ কেইখন মান উপনদী হৈছে জিৰিলাবাকমাধুৰাদালুজাটিংগা,লাৰাংসোণাই,কাটাখাল,ধলেশ্বৰীশিংলা আৰু লংগাই । এই নৈসমূহত বিভিন্ন মাছ পোৱা যায়।যেনেঃ- ইলিশ,শল,কাতলা,ৰৌ আদি।

বনজ সম্পদঃ-
     বৰাক উপত্য়কাও ক্ৰান্তীয় মৌছুমী জলবায়ুৰ অন্তৰ্গত ।  সমতলখন  এতিয়াও  প্ৰায় ৩৫ শতাংশ ঠাই বন-জংঘলটিলা আৰু জলাহে আৱৰি আছে। এই সমতলত উত্তৰ কাছাৰ আৰু বৰাইল নামৰ দুখন বিশাল সংৰক্ষিত বনাঞ্চল আছে। ইয়াৰোপৰি আৰু কেইখনমান সৰু-ডাঙৰ বনাঞ্চল আছে। এই বনাঞ্চলসমূহত হাতী,শৰহৰিণা,বান্দৰ আৰু বাঘ প্ৰধান।  এই সমতলৰ টিলাসমূহত কিছু চাহ   খেতিও  কৰা   হয়।  সমতল খনত  কিছুমান   মূল্যবান  গছ-গছনি পোৱা যায়। যেনেঃ-শিমলুজামচামগমাৰিঅৰ্জুনপমা আদি প্ৰধান।

কৃষিঃ-

     বৰাক সমতলৰ মানুহৰ ঘাই বৃত্তি হৈছে কৃষি। এই সমতলৰ ৩৫ শতাংশ মাটিহে কৃষিৰ বাবেহে উপযোগী। ধান হৈছে বৰাক সমতলৰ প্ৰধান শস্য। ইয়াৰ উপৰিও কিছু পৰিমাণে ফল-মূল যেনেঃ- কমলাআনাৰসঅমিতা ইত্যাদি। অৰ্থ শস্যৰ ভিতৰত চাহেই প্ৰধান। সমতলখনত ১১৫ খনমান সৰু-বৰ চাহ বাগিছা আছে।

শিল্প-উদ্যোগঃ-

    শিল্প-উদ্যোগত বৰাক সমতল উত্তৰ-পূৱ ভাৰতৰ অন্যান্য অঞ্চলৰ দৰে আগবঢ়া নহয়। সমতলখনত চাহ শিল্পই একমাত্ৰ উদ্যোগ। ইয়াৰ উপৰি হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত এটা কাগজ কল(বৰ্তমান বন্ধ) আছে আৰু কৰিমগঞ্জ জিলাৰ চাৰগোলাত এটা চেনি উদ্যোগ আছে। ইয়াৰ উপৰিও আৰু কিছুমান ক্ষুদ্ৰ উদ্যোগ আছে।
যাতায়ত-পৰিবহণঃ-
   বৰাক সমতলৰ ভিতৰুৱা পৰিবহণ আৰু যাতায়ত ব্যৱস্থা কিছু ভাল ।তিনিওফালে পৰ্বত-পাহাৰ আৰু এফালে বিদেশী ৰাষ্ট্ৰ (বাংলাদেশ ) হোৱাৰ  বাবে দেশৰ বেলেগ ঠাইৰ লগত  যোগাযোগ  সুচল নহয়  
এই সমতল খনত মুঠতে ২,১৬০ কিঃমিঃ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কপ্তানী পথ আছে ।
    ১৯০৩ চনত বদৰপুৰ আৰু লামডিঙক সংযোগ কৰি উত্তৰ কাছা়ৰ পাৰ্বত্য জিলাৰ মাজেৰে এটা পাৰ্বত্য ৰেলপথ স্থাপন কৰা হৈছে । বৰ্তমান  এই সমতলৰ  বিভিন্ন ঠাইক সংযোগ কৰি প্ৰায় ৪০০ কিঃমিঃ দৈৰ্ঘ্যৰ ৰেলপথ আছে ।
সমতলখনত আভ্যন্তৰীণভাৱে আৰু মণিপুৰ,মিজোৰামৰ লগত কিছু পৰিমাণে নৈয়েদি বাণিজ্যিকভাৱে মাৰ নাও চলাচল কৰে।
      বৰাক সমতলত বিমান পৰিবহণৰ ব্যৱস্থাও আছে। শিলচৰ নগৰৰ ওচৰৰ কুম্ভীৰগ্ৰামত এখন বিমান বন্দৰ আছে।

নগৰ-চহৰঃ-

   অসমৰ   আন   আন   ঠাইৰ   দৰে বৰাক  সমতলতো   নগৰ-চহৰৰ সংখ্যা আৰু অঞ্চলটোৰ মুঠ জনসংখ্যাৰ  তুলনাত  নগৰবাসীৰ সংখ্যাৰ অনুপাত কম । ২০০১ চনৰ লোকপিয়ল মতে,  অঞ্চলটোত  নগৰীয়া জনসংখ্যা ১০.৭ শতাংশ ।   বৰাক সমতলত সংযোগ সূচল নহয়। এই সমতলত কোনো উল্লেখযোগ্য শিল্প-উদোগ নাই । সেয়েহে নগৰ-চহৰ গঢ়ি উঠা নাই ।
     সমতল খনত বৰ্তমান ৭ খন নগৰ আছে। এইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ নগৰ হল  শিলচৰ । দ্বিতীয় বৃহত্তম নগৰ হল কৰিমগঞ্জ। আৰু কেইটামান সৰু ডাঙৰ নগৰ হল হাইলাকান্দিবদৰপুৰপাঁচগ্ৰামবাঁশকান্দিউদৰবন্দপাথাৰকান্দিৰামকৃষ্ণনগৰ,দুৰ্লভচৰা আদি। উল্লেখযোগ্য যে বাঁশকান্দি ইছলামিক শিক্ষাৰ কেন্দ্ৰ।

 উচ্চভূমি অঞ্চলঃ-

      উত্তৰে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণে বৰাক সমতল সমতলৰ মাজত মালভূমি আৰু পাৰ্বত্যভূমিৰে এটা উচ্চ অঞ্চল আছে। এই অঞ্চলটো তিনিটা জিলাৰে গঠিত,কাৰ্বি আংলং পূৱ, কাৰ্বি আংলং পশ্চিম আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা । ১৫,৩২২ বৰ্গ কিঃমিঃ অঞ্চলটোৰ মাটি কালি। হামৰেণ কাৰ্বি মালভুমিৰ পশ্চিম অংশৰ নাম। ইয়াত বৰাইল নামৰ এটা পৰ্বতশ্ৰেণী আছে। অসমৰ সৰ্বোচ্চ শৃংগবোৰ এই পৰ্বতশ্ৰেনীতেই অৱস্থিত ।ই ১,০০০ মিঃ ৰ পৰা ১,৯০০ মিঃ মান ওখ ।

বনজ সম্পদঃ-

    কাৰ্ব-উত্তৰ কাছাৰ পাৰ্বত্য অ়়ঞ্চল বনজ সম্পৰ ক্ষেত্ৰত অতি চহকী আছিল । কিন্ত জনসংখ্যা বাঢ়ি অহাৰ লগে লগে হাবি-বন ধ্বংস হোৱাত ইয়াৰ বনজ সম্পদ কমি আহিছে ।বৰ্তমান কাৰ্বি আংলঙৰ ৬৭ শতাংশ মাটি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ৮৫ শতাংশ মাটিত ঘাঁহ-বন অৰণ্য আছে ।উত্তৰ কাছাৰ পাৰ্বত্য জিলাত মৌচুমী বতাহ বেছিকৈ হয় ইয়াত বৃষ্টিপাত বেছি হয় বাবে উত্তৰ কাছাৰ পাৰ্বত্য অ়়ঞ্চল মূল্যৱান কাঠ পোৱা যায় । যেনে-চাম, খোনক, গমাৰি, ওদাল, কোকা, অহৈ, মাকৰি শাল, ছিদা আদি ।বৃষ্টিপাত কম হোৱাৰ বাবেও কিছু গছ-গছনি পোৱা যায় । যেনে-শাল কৰৈ, জামু, চাম ,পমা, শিমলু, গমাৰি আদি ।উত্তৰ কাছাৰ পাৰ্বত্য অ়়ঞ্চলত কিছু বণ্য প্ৰাণী আছে । যেনে-বাঘ, ভালুক, হৰিনা, বনৰৌ, হলৌ, আন আন প্ৰকাৰৰ বান্দৰ প্ৰধান ।কাৰ্ব-আংলঙৰ পূব অংশত নামবৰ ,গৰমপানী আৰু পূব কাৰ্ব-আংলঙ অভয়াৰণ্য আছে ।


শিল্প-উদ্যোগঃ-

      শিল্প-উদ্যোগত পাৰ্বত্য অঞ্চলটো অত্যন্ত অনগ্ৰহৰ ।পাৰ্বত্য অঞ্চলটোত মুল্যৱান বনজ সম্পদৰ বাহিৰেও কয়লা,চূনশীল আদি খনিজ পদাৰ্থ পোৱা যায় । আংলঙৰ লংলৈ, কৈলাজান, শিলভেটা, কলীয়নী আৰু খানভামান পাহাৰত কয়লা পো্ৱা যায় ।শিলভেটা, কৈলাজান, দিলাই, আৰু উত্তৰ কাছাৰ গৰমপানীৰ উমৰাংছু আদিত চূনশীল পোৱা যায় । আৰু বোকাজান এটা ডাঙৰ চিমেণ্ট কাৰখানা আছে । আৰু উমৰাংছু জলবিদ্যুত তৈয়াৰ কৰা হয় । ইয়াৰ পৰা প্ৰায় ১৫০ মেগাৱাট বিদ্যুত তৈয়াৰ কৰা হয় ।  অঞ্চলটোৰ ডিফু, দকমকা, হাওৰাঘাট, খেৰনি, মাইবং, আদি বানিজ্য কেন্দ্ৰবোৰত হস্ততাঁত, বস্ত্ৰ, বাহ-বেতৰ, খাদ্য আদি প্ৰস্তুত কৰা হয় আৰু কাঠ উদ্যোগ, ফল-মূল ইত্যাদিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছে ।

যাতায়ত-পৰিৱহণঃ-

     এই অঞ্চলটো পাহাৰীয়া হোৱা কাৰণে ইয়াৰ যাতায়ত-পৰিৱহণ সিমান উন্নত নহয়।বৰ্তমান এলেকাটোত ৪,৮৬১ কিঃমিঃ গড়কাপ্টানী পথ আৰু ৩৬নং, ৩৯নং, ৫৪নং এই তিনিখন ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলটোৰ মাজেৰে পাৰ হৈ গৈছে। অঞ্চলটোৰ মাজেৰে বৰাক,ব্ৰহ্মপুত্ৰ আৰু আন আন অঞ্চলক সংযোগ কৰি পাহাৰীয়া সুৰংগ পথেৰে ১৯০৩ চনৰ পৰাই ৰেল চলাচল কৰে। এলেকাটোত পাহাৰীয়া হোৱা বাবে ইয়াত জল আৰু বিমান পৰিৱহণৰ ব্যৱস্থা নাই।

নগৰ-চহৰঃ-

    এই পাহাৰীয়া অঞ্চলত কাৰ্বি আংলং পূৱ, কাৰ্বি আংলং পশ্চিম আৰু ডিমাহাচাও নামৰ তিনিখন প্ৰশাসনিক জিলা আছে। ইয়াত নগৰ-চহৰ সংখ্যা তেনেই কম। ইয়াত গঢ়ি উঠা বেছিভাগ নগৰেই প্ৰশাসনিক কাৰনত গঢ়ি উঠা নগৰ।  ইয়াত থকা কেইটামান নগৰৰ নাম হল-হাওৰাঘাট, ডকমকা, ডনকামোকাম, বোকাজান, উমৰাংছু, হাফলং, ডিফু, জাটিংগা, হামৰেণ, মাইবং, মাহুৰ, বৈঠালাংছু, সৰিয়হজান আদি। হাফলং এখন স্বাস্থ্যকৰ ঠাই।ইয়াৰ প্ৰাকৃতিক অতি সুন্দৰ। জাটিংগা পক্ষীৰ বাবে বিখ্যাত । ইয়াত প্ৰতি বছৰে অসংখ্য পক্ষীয়ে আত্মহনন কৰে আৰু ইয়াক চাবলৈ বহুত পৰ্যটক আৰু গবেষক আহে ।
  
👆👆👆👆👆👆👆👆👆👆

Post a Comment

0 Comments